Wednesday, April 13, 2011

বিহুগীত

১) পর্বতে পর্বতে বগাব পাৰো মই

লতা বগাবলৈ টান

বলিয়া হাতীকো বলাব পাৰো মই

তোমাক বলাবলৈ টান।



২) আজি বিহু বিহু কালি বিহু বিহু

নাহৰ ফুল ফুলিবৰ বতৰ

কেতেকী চৰায়ে কাটে সৰু সূতা

মৰুৱা কাঠৰে যঁতৰ।



৩) কোম্পানীৰ চাকৰি নেলাগে লাহৰী

নেলাগে তলবৰ ধন

ঘৰতে থাকিবা বনবাৰী কৰিবা

পঢ়িবা ভাগৱত-ৰামায়ণ।



৪) বসন্ত কালতে গছ বন শুৱনি

বাৰিষা শুৱনি নৈ

যৌৱন কালতে মানুহৰ শুৱনি

নেথাকে চিৰদিনে ৰৈ।



৫) ধনশিৰি পাৰ হৈ ঢপলিয়াই আহিলো

জিৰালো কলিয়াবৰত

তোমাকে বিচাৰি ঘৰবাৰী এৰিলো

তোমাক নেপালোহি ঘৰত।



৬) তোমাৰে ঘৰলৈ চাইকেল মাৰি গৈছিলো

আকাশে উৰিলে ধূলি

মোকে যোৱা দেখি তোমাৰ বাপেৰে

খাজিছে বন্দুকৰ গুলী।



৭) তোমাকে আনিম বুলি বৰে ঘৰ সাজিলো

তিনিকুৰি হাতৰে মেৰ

পৰুৱা পিপৰা সোমাব নোৱাৰা

দিছিলো ইকৰাৰ বেৰ।



৮) সৰু হৈ আছিলো একোকে নেজানো

আছিলো সুখেৰে খাই

ডাঙৰ হৈ আহিলো সকলো বুজিলো

শৰীৰত একুৰা জুই।



৯) হাতী হেৰুৱালো লিহিৰি বনতে

ঘোঁৰা হেৰুৱালো ৰণত

পাই হেৰুৱালো তোকে ধন চেনাই ঐ

এনুৱা যৌৱনৰ কালত।



১০) এড়ি গ’লে এৰাপাত নালাগে মইনামাত

বেলি গ’লে নালাগে ভাত

বয়স ভাটি দিলে তোমাকো নালাগে

মৰম চেনেহ নেথাকে গাত।



১১) দিখৌ নৈ এৰিব পাৰো মই লাহৰী

জাঁজী নৈ এৰিব পাৰো

তোমাৰে মৰমকণ এৰিব নোৱাৰো

নেখায়ো থাকিব পাৰো।

5 comments:

  1. আপোনাৰ এই সংগ্ৰহ মানিবলগীয়া...

    ReplyDelete
  2. লেখককে ধন্যবাদ।আজ অসংখ্য ব্লগ খুজতে গিয়ে ভাল একটি ব্লগ buljit পেলাম।আমাদের ও একটি ব্লগ আছে।তাতে অনলাইনে টাকা আয় করার বিভিন্ন উপায় বর্ণিত আছে।এই ব্লগের পাঠকদের আমন্ত্রণ।
    Earn indian rupee by 5 easy ways,
    Earn money through online

    ReplyDelete
  3. বৰ সুন্দৰ, ভাল লাগিল ৷

    ReplyDelete
  4. পুৰণি বিহুগীত বৰ শুৱলা আৰু থলগিৰী গনজীৱনৰ এক প্ৰতিচ্ছৱি।

    ReplyDelete

Followers

About Me

My photo
কেৰিয়াৰ আনুষঙ্গিক কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । ............................................... ২০০০ চনৰ পৰা ইন্টাৰনেট ব্যৱহাৰ কৰি আহিছোঁ । বিভিন্ন ই-মেইল গোট আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটৰ সদস্য । ইন্টাৰনেটৰ যোগেদি সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিছো আৰু যোগাত্মক খবৰ তথা জানীবলগীয়া তথ্যবোৰ যিমান পাৰিছো ৰাইজৰ মাজত বিলাইছো। এই কামবোৰ কৰি ভাল লাগে। সেইদৰে মনত উদয় হোৱা কিছুমান ভাব বাতৰিকাকত/আলোচনী তথা ইণ্টাৰনেটৰ বিভিন্ন ই-মেইল গোট / ছ’চিয়েল নেটৱর্কিং ছাইটৰ যোগেদি ৰাইজৰ আগত মাজ মাজে দাঙি ধৰিছোঁ আৰু তাৰে কিছুমান নিজেও কার্যকৰী কৰিবলে চেষ্টা কৰিছোঁ। কেতিয়াও ক’তো কোৱা নাই যে এইবোৰ দ্বাৰা অসমখনৰ কিবা সাংঘাতিক পৰির্বত্তন আনিব পাৰিম। ইণ্টাৰনেট পৃথিৱীৰ বাহিৰতো নিজৰ সামর্থ্য , সময় , শক্তি আদি অনুযায়ী যিমান পাৰো মাজ মাজে কৰি আছোঁ আৰু যদি সম্ভৱ হয় আগলৈ নিজৰ ইচ্ছা মতে কৰি যাম বুলি ভাবিছোঁ। --------------------------------- ড° বুলজিৎ বুঢ়াগোহাঁই কেৰিয়াৰ পৰাৰ্মশদাতা ফোন: ৯৪৩৫১-৮৮৬৩০