Tuesday, May 18, 2010

বিহুগীত

চ’তে গৈয়ে গৈয়ে- নয়া নদী নয়া কুল
ব’হাগে পালেহি- নয়া নদী নয়া কুল
ফুলিলে বাবৰি ফুলেহে- নয়া নদী নয়া কুল
খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল
হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বো্ল।
তোমাৰে লগতে- নয়া নদী নয়া কুল
মৰো যদি মৰিম মই- নয়া নদী নয়া কুল
এৰি যাম নিজৰে কুলেহে- নয়া নদী নয়া কুল
খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল
হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বো্ল।


অ’ হায় হায়,
ধনশিৰি দলংখন- অ’ জোনে জোনালী
বান্ধিলে চেনাইকণ- অ’ জোনে জোনালী
লোহাৰে শলখা মাৰি জোনে জোনালী
জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি
বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।
আমাকে বান্ধিলে- অ’ জোনে জোনালী
সমাজৰ বান্ধোনে- অ’ জোনে জোনালী
দুটি দেহা দুফালে কৰি জোনে জোনালী
জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি
বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।

অ’ হায় হায়,
জাঁজী নৈক ভেটিলে- অ’ জোনে জোনালী
জোঙে ঐ জাবৰে- অ’ জোনে জোনালী
লুইতক ভেটিলে কোনে জোনে জোনালী
জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি
বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।
আমাকে ভেটিলে- অ’ জোনে জোনালী
সমাজৰ বান্ধোনে- অ’ জোনে জোনালী
মনকনো ভেটিব কোনে জোনে জোনালী
জোনৰ আগত তৰাটি, ওলাই আহা চেনাইটি
বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাঁও।

No comments:

Post a Comment

Followers

About Me

My photo
কেৰিয়াৰ আনুষঙ্গিক কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । ............................................... ২০০০ চনৰ পৰা ইন্টাৰনেট ব্যৱহাৰ কৰি আহিছোঁ । বিভিন্ন ই-মেইল গোট আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটৰ সদস্য । ইন্টাৰনেটৰ যোগেদি সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিছো আৰু যোগাত্মক খবৰ তথা জানীবলগীয়া তথ্যবোৰ যিমান পাৰিছো ৰাইজৰ মাজত বিলাইছো। এই কামবোৰ কৰি ভাল লাগে। সেইদৰে মনত উদয় হোৱা কিছুমান ভাব বাতৰিকাকত/আলোচনী তথা ইণ্টাৰনেটৰ বিভিন্ন ই-মেইল গোট / ছ’চিয়েল নেটৱর্কিং ছাইটৰ যোগেদি ৰাইজৰ আগত মাজ মাজে দাঙি ধৰিছোঁ আৰু তাৰে কিছুমান নিজেও কার্যকৰী কৰিবলে চেষ্টা কৰিছোঁ। কেতিয়াও ক’তো কোৱা নাই যে এইবোৰ দ্বাৰা অসমখনৰ কিবা সাংঘাতিক পৰির্বত্তন আনিব পাৰিম। ইণ্টাৰনেট পৃথিৱীৰ বাহিৰতো নিজৰ সামর্থ্য , সময় , শক্তি আদি অনুযায়ী যিমান পাৰো মাজ মাজে কৰি আছোঁ আৰু যদি সম্ভৱ হয় আগলৈ নিজৰ ইচ্ছা মতে কৰি যাম বুলি ভাবিছোঁ। --------------------------------- ড° বুলজিৎ বুঢ়াগোহাঁই কেৰিয়াৰ পৰাৰ্মশদাতা ফোন: ৯৪৩৫১-৮৮৬৩০